প্ৰচণ্ড ৰেমালৰ ঘুৰ্ণী বতাহত তচনচ নুমলীগড় আৰু মৰঙীৰ বিভিন্ন অঞ্চল । প্ৰচণ্ড বতাহৰ ফলত গছ বাগৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ই- ৰিক্সাৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সন্মুখত ৰখাই থোৱা এখন বিলাসী বাহন, তেলগৰমত ১১ কেভি বিদ্যুত খুটা পথৰ ওপৰতে বাগৰি পৰে। নুমলীগড়ৰ আৰক্ষী প্ৰশাসনে তৎপৰতাৰে পথ মুকলি কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে পথ মুকলি কৰি থকা অৱস্থাতে নুমলীগড় আৰক্ষী থানাৰ ৰাজীৱ বৰা নামৰ এজন সহকাৰী উপ পৰিদৰ্শক আঘাতপ্ৰাপ্ত হৈ এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰে। ইতিমধ্যে সমগ্ৰ অঞ্চলৰ জনসাধাৰণ ৰিমালৰ তাণ্ডবত আতংকিত হৈ পৰিছে।