অহা ৩১ মে শুক্ৰবাৰে বাৰেৰহনীয়া দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমান খানে অৱসৰ গ্ৰহণ কৰিব।
উক্ত দিনা বিদ্যালয় কৰ্তৃপক্ষ,শিক্ষক শিক্ষয়িত্ৰী গোট,তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে তেওঁক বিদায়ী সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বিদায় দিব। উক্ত দিনা ৰাতিপুৱা আঠ বজাৰ পৰা বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত জিলাখনৰ কেইবাজনো বিষয়া, গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব।
গতিকে উক্ত দিনা হিফজুৰ ৰহমান খান ছাৰৰ বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত সকলোকে উপস্থিত থাকিবলৈ আহ্বায়ক সমিতিৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।