বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা অনুসৰি বিটিচিৰ অ-প্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ কথা উল্লেখ কৰা আছিল যদিও বৰ্তমান চৰকাৰখনে সমগ্ৰ বিটিচিত কেৱল মাত্ৰ বড়ো মাধ্যমৰ বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি আজি তামুলপুৰত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয় যে–
বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা অনুযায়ী বড়ো মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰৰ যি প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত তাক আমি আঁদৰণি জনাইছো।
ইয়াৰ সমান্তৰালভাবে কেবল মাত্ৰ বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ বঞ্চিত কৰাৰ কথা কেতিয়াও গ্ৰহণযোগ্য নহয়।
বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফাত কেবল মাত্ৰ বড়ো মাধ্যমৰ বুলি কথা নাই। বড়ো মাধ্যমৰ সমান্তৰালভাবে অসমীয়া মাধ্যমৰ বিদ্যালয় ও প্ৰাদেশিকীকৰণ হ’ব লাগিব।
অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰিলে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে এবিএমছুৰ সভাপতি টাইছন হুছেইনে।