ইউক্ৰেইনক আমেৰিকাৰ অস্ত্ৰৰে ৰাছিয়াক আক্ৰমণ কৰিবলৈ অনুমতি দিলে বাইডেনে

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে ইউক্ৰেইনক ৰাছিয়াৰ ভিতৰৰ কিছুমান অঞ্চলত আমেৰিকাই যোগান ধৰা অস্ত্ৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। ইউক্ৰেইনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৱাশ্বিংটনে ৰাছিয়াৰ সীমান্তত পূব ইউক্ৰেইনৰ খাৰকিভ অঞ্চলত আমেৰিকাই যোগান ধৰা অস্ত্ৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। এই সিদ্ধান্ত অঞ্চলটোত ৰাছিয়া সেনাৰ অগ্ৰগতি আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাই ইউক্ৰেইনৰ দুৰ্দশাগ্ৰস্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা বুলি কোৱা হয়। অৱশ্যে ৰাছিয়াৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ সন্দৰ্ভত আমেৰিকাৰ নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলিও জনা যায়।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment