অহা ১৬ জুনৰপৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টী-২০ খেলৰ বাবে ঘোষণা কৰা ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে বোকাখাতৰ জীয়ৰী তথা সমগ্ৰ অসমবাসীৰ গৌৰৱ উমা ছেত্ৰীয়ে । অসমৰ প্ৰথমগৰাকী খেলুৱৈৰূপে ভাৰতীয় টেষ্ট দলত নিৰ্বাচিত উমাক লৈ ৰাজ্যবাসী যথেষ্ট আশাবাদী ।