Daily Time Axom

কামৰূপত ভাৰতীয় খাদ্য নিগমৰ চাউলৰ বৃহৎ চোৰাং ব্যৱসায় কাণ্ডৰ নতুন ৰূপ

0 26

কামৰূপৰ পচৰীয়া দলৰ পথাৰৰ ট্ৰাকে ট্ৰাকে এটা নাম বিহীন গুদামলৈ অনা ভাৰতীয় খাদ্য নিগমৰ চাউল বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ গৈছে ।
গুদামৰ মুখ্য দ্বাৰ বন্ধ কৰি অসাধু ব্যৱসায়ীয়ে চলাই আহিছিল এই ক’লা বেহা।
এক গোপন খবৰৰ ভিত্তিত সাংবাদিকৰ এটা দলে গুদামৰ ভিতৰৰ সমগ্ৰ দৃশ্য বন্দি কৰিছিল গোপন কেমেৰাত।
খবৰ দিছিল কামৰূপৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কৰ্মচাৰীক।
প্ৰথমে কামৰূপ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গা এৰা মন্তুব্য আছিল যদিও পিছলৈ ঘটনাৰ ওপৰত তদন্তৰ নিৰ্দেশ কামৰূপৰ অতিৰিক্ত আয়ুক্ত পংকজ কুমাৰ নাগবংশীৰ।
তদন্তু কৰিবলৈ নিৰ্দেশ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া খদগৰাগ পেগু আৰু লক্ষ্যজ্যোতি কোৱৰক।
তদন্তৰ পিছতেই ঘটনাই ল’ব ধৰিছে অন্য এক মোৰ।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দুই বিষয়াই খাদ্য নিগমৰ চাউলক ৰি পেকিং কৰি ৫৫৫ কৰা কাৰ্যক চাউলৰ পৰিবৰ্তে একপ্ৰকাৰে মটৰ ৰিপেকিং কৰা বুলিহে এতিয়া কাগজে কলমে দেখুৱাব উলাইছে বুলি খবৰ পোৱা গৈছে ।
এই অসৎ কাৰ্যৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদন্ত কৰিবলৈ দিয়া দুই বিষয়াৰ উপৰিও অন্য দুজন বিষয়াৰ নাম জড়িত থকাৰো উঠিছে গুৰুতৰ অভিযোগ।
ঘটনাৰ লগত বাজাজ নামৰ এজন ব্যৱসায়ী জড়িত থকাৰ আছিল গুৰুতৰ অভিযোগ।
অভিযোগ মতে ব্যৱসায়ী বাজাজৰে আছে হেনো কামৰূপ জিলা প্ৰশাসনৰ একাংশ বিষয়া কৰ্মচাৰী আৰু ৰাজনৈতিক মহলত সু সম্পৰ্ক। ইয়াৰ লগতে একাংশ সংবাদ কৰ্মীকো মেনেজ কৰি বাজাজ বাহিনীয়ে এই বৃহৎ বগা চাউলৰ কলা বেহা চলাই গৈছিল বুলি উত্থাপিত হৈছে অভিযোগ ।
এতিয়া ভাৰতীয় খাদ্য নিগমৰ চোৰাং চাউলক ৫৫৫ নামৰ বস্তাত ভৰাই ৰি পেকেটিং কাৰ্যক খাদ্য আৰু অসামৰিক যোগান বিভাগে একপ্ৰকাৰে গাপ দিয়াৰ প্ৰচেষ্টা চলোৱাৰ কথা পোহৰলৈ আহিব ধৰিছে । যাৰবাবে এই বিষয়ত কামৰূপ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভাগীয় মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াৰ হস্তক্ষেপ অত্যন্ত জৰুৰী বুলি গুণাগঁথা চলিছে সচেতন মহলত । এতিয়া পৰবৰ্তী সময়ত কামৰূপ জিলা প্ৰশাসনে অবৈধ চাউল চুৰি চক্ৰ তথা বাজাজৰ বিৰুদ্ধে কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবনে, নে কাগজে কলমে কেৱল মাত্ৰ তদন্তৰ নিৰ্দেশ দি একপ্ৰকাৰে ভেকোঁভাওনা কৰি দুৰ্নীতিক প্ৰশ্ৰয় দিব সেয়াহে হ’ব লক্ষ্যণীয় ।

Leave A Reply

Your email address will not be published.