বহুতে শৰীৰক ক্ষীণ কৰি ৰাখিবলৈ প্ৰটিন পাউদাৰৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে এই প্ৰ’টিন পাউদাৰৰ পৰা শৰীৰত বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ জমা হয়।
গৱেষণাৰ পৰা দেখা গৈছে যে বেছিভাগ প্ৰটিন পাউদাৰ কোম্পানীয়ে সামগ্ৰীৰ লেবেলত ৭০% ভুল তথ্য প্ৰদান কৰে। আনুমানিক ১৪% উদ্ভিদ ভিত্তিক প্ৰটিনৰ নমুনাত ক্ষতিকাৰক ভেঁকুৰ এফ্লাটক্সিনৰ লেখীয়া আৰু ৮% নমুনাত কীটনাশকৰ লেখ-জোখ দেখা গৈছিল। লগতে পৰীক্ষা কৰা নমুনাত আৰ্ছেনিক, কেডমিয়াম, সীহ আৰু তাম পোৱা গৈছে। যিটো নিঃসন্দেহে ভয়ংকৰ।
প্ৰটিনৰ গুড়ি বা প্ৰটিনৰ পৰিপূৰক মূলতঃ উচ্চ প্ৰটিনযুক্ত খাদ্যৰ উৎস যেনে সৰিয়হ, মটৰ, চাউল, আলু, কণী আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। প্ৰায়ে চেনি, আৰু অন্যান্য উপাদান যোগ কৰা হয়। ই উপকাৰী কাৰণ- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ওজন হ্ৰাস কৰে, অসুস্থতাৰ সময়ত কলা মেৰামতি কৰে। গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাসকলে প্ৰটিনৰ পৰিপূৰক খাদ্যৰ দ্বাৰা উপকৃত হ’ব পাৰে।
অৱশ্যে খেলুৱৈসকলে প্ৰ’টিনক লোৱাটো বেছি পছন্দ কৰে। পনিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত গাখীৰৰ পৰা উচ্চমানৰ প্ৰটিন নিষ্কাশন কৰা হয়, অৰ্থাৎ ৱেই প্ৰটিন। ইয়াত শৰীৰে নিজাববীয়াকৈ উৎপন্ন কৰিব নোৱাৰা সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে। খেলুৱৈ, বডি বিল্ডাৰ আৰু ফিটনেছ অনুৰাগীৰ মাজত এই ধৰণৰ প্ৰটিন জনপ্ৰিয়।
প্ৰটিন পাউদাৰ আৰম্ভ কৰাৰ আগতে সাৱধানতা:
১. প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক
২. পৰামৰ্শ দিয়া মাত্ৰা অনুসৰণ কৰক আৰু ক্ৰয় কৰাৰ সময়ত উৎসৰ উপাদানসমূহৰ গুণগত মান আৰু স্পষ্টতা নিশ্চিতভাৱে পৰীক্ষা কৰক।
৩. প্ৰটিন পাউদাৰত থকা এলাৰ্জেনৰ বিষয়ে সচেতন হওক। লগতে সুষম খাদ্য বজাই ৰাখিবলৈ নাপাহৰিব।