Daily Time Axom

যোৰহাটৰ হাতীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত

0 28

উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ আসোঁৱাহপূৰ্ণ নিমাৰ্ণকাৰ্য্য আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শীতাৰ বাবেই আজি বাৰিষাৰ প্ৰথম জাক বৰষুণতে যমৰযন্ত্ৰনা ভোগিছে পথচাৰীয়ে।এই দৃশ্য নিৰ্মীয়মান ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ হাতীগড় অঞ্চলৰ।
নিৰ্মাণৰত পথৰ পৰা পানী নিস্কাষণৰ কোনো সু-ব্যৱস্থা নথকাৰ বাবেই বৃহত্তৰ হাতীগড় অঞ্চলত সম্পূৰ্ণৰূপে পানীৰ তলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ জনজীৱন স্তব্ধ ৷ বিপদসংকুল ভাৱেই পানীৰ মাজেৰে পাৰ হৈছে পথাচাৰী ৷ উপস্থিত নাই কোনো বিভাগীয় বিষয়া কৰ্মচাৰী।উল্লেখযোগ্য যে উক্ত পথছোৱা নিৰ্মাণৰ সময়ত বহুবাৰ স্থানীয় দল সংগঠন সমাজ সচেতক ব্যক্তিয়ে আসোঁৱাহ সমূহ তদাৰকী সন্থা তথা ঠিকাদাৰী প্ৰতিস্থানক দৃষ্টি গোচৰ কৰি আহিছিল যদিও ৰাইজৰ কথাত কোনো সহাৰি নজনাই সন্থাসমূহে নিজ খেয়াল খুচিত এইদৰে কাম কৰি যোৱাৰ ফলত এই পৰিস্থিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে।কেৱল হাতীগড়ৰেই নহয় যোৰহাটৰ পৰা জাঁজী পৰ্যন্ত পথছোৱাত যাতে ত’তে অসম্পূৰ্ণ ভাৱে কাম অব্যাহত ৰখাৰ ফলত উক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ বহু অঞ্চলত এই একেই পৰিবেশ যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উজনিমুৱা যাত্ৰীসকল আৰু প্ৰতিটো মুহূৰ্ততে দুৰ্ঘটনাৰ শংকা প্ৰকট হৈ পৰিছে।

Leave A Reply

Your email address will not be published.