বিহাৰৰ পিছত উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে উচ্চ ৰক্তচাপ আৰু জ্বৰত ১৩ জন ভোটগ্ৰহণ কৰ্মীৰ মৃত্যু

উত্তৰ প্ৰদেশত একেখন জিলাৰ পৰা ১৩ গৰাকী ভোটগ্ৰহণ কৰ্মীৰ মৃত্যু। প্ৰথম অৱস্থাত গৰমৰ বাবে এওঁলোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়। প্ৰশাসনৰ সূত্ৰ অনুসৰি কৰ্মীসকলৰ প্ৰত্যেকৰে উচ্চ ৰক্তচাপ আৰু জ্বৰৰ লক্ষণ দেখা গৈছিল। কিন্তু গৰমৰ বাবেই মৃত্যু হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ঘটনা। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি ভোটগ্ৰহণ কৰ্তব্যৰত অৱস্থাত ৯ গৰাকী গৃহৰক্ষী আৰু ৪ গৰাকী বিষয়াৰ মৃত্যু হয়। মা বিন্ধ্যাবসিনী স্বায়ত্তশাসিত ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজ বাহাদুৰ কমলে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, মৃত্যু হোৱা ১৩ জন লোকৰ মৃত্যুৰ কাৰণ স্পষ্ট নহয়।

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment