গ্ৰীষ্মকালত গৰ্ভৱতী মহিলাই শাৰীৰিক জটিলতা, খাদ্য, টোপনি আদিৰ প্ৰতি সাৱধান হ’ব লাগে।
গৰ্ভৱতী মাতৃসকলে অলপ বেছি গৰম অনুভৱ কৰে। গ্ৰীষ্মকালত তেওঁলোকে অধিক কষ্ট পায়।
উচ্চ উষ্ণতা গৰ্ভৱতী মাতৃ আৰু শিশুৰ বাবে বিপদজনক কাৰক হ’ব পাৰে। ইয়াৰ বাবে গৰ্ভৱতী মহিলাই গ্ৰীষ্মকালত বিশেষ যত্ন লোৱা উচিত।
শাৰীৰিক জটিলতা
এগৰাকী গৰ্ভৱতী মাতৃয়ে তীব্ৰ হাঁপানী ৰোগত নতুবা বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। উদাহৰণ স্বৰূপে –
১. অতি উত্তাপত পানীলগা হ’ব পাৰে।
ক্লান্তি আৰু শাৰীৰিক দুৰ্বলতা বৃদ্ধি কৰে।
২. গৰমৰ বাবে যেনে মূৰ ঘূৰোৱা, মূৰ্চ্ছা যোৱা আদি দেখা দিব পাৰে। Heatstroke এ শিশুৰ ক্ষতি কৰিব পাৰে।
৩. মূৰৰ বিষ, বমি, ৰক্তচাপ বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৪. এই অৱস্থাত যিসকলে অত্যাধিক কাম কৰে, ব্যায়াম কৰে, ৰ’দত খোজ কাঢ়ে, তেওঁলোকে অত্যাধিক ঘাম আৰু পেটৰ ক্ৰেম্পৰ দৰে জটিলতা অনুভৱ কৰিব পাৰে।
৫. প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা আৰু প্ৰস্ৰাৱ ক’লা হ’ব পাৰে।
৬. হাত-মুখ শুকান হোৱাৰ লগতে হাত-ভৰি পানী ওলাব পাৰে।
৭. আঁচোৰা, এলাৰ্জী আৰু খজুৱতি হ’ব পাৰে।
জটিলতাৰ পৰা হাত সাৰিবলৈ
১. গৰ্ভৱতী মহিলাই পানীৰ অভাৱৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
দৈনিক দুই তিনি লিটাৰ বা আঠৰ পৰা পোন্ধৰ গিলাচ পানী খাব লাগে
২. শৰীৰৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখিবলৈ আৰু অতিৰিক্ত ঘাম আঁতৰাবলৈ নিয়মিতভাৱে গা ধোৱা উচিত। গা ধোৱা পানী যাতে স্বাভাৱিক উষ্ণতাৰ তলত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
৩. অত্যধিক কাম আৰু বাৰে বাৰে বাহিৰলৈ যোৱাটো গ্ৰীষ্মকালত পৰিহাৰ কৰিব লাগে। যদি বাহিৰলৈ যাব লাগে তেন্তে ৰ’দৰ পৰা আঁতৰি থাকিব লাগে। ৰ’দৰ পৰা ৰক্ষা পাবলৈ ছাতি, টুপি বা ওৰণি ব্যৱহাৰ কৰিব পাৰি।
পুষ্টিকৰ খাদ্য
শৰীৰৰ পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ তৰল খাদ্য গ্ৰহণ কৰিব লাগে। যেনে – বটলত ভৰোৱা পানী, ঘৰতে বনোৱা নেমুৰ চৰবত, ফলৰ চৰবত, লাচি, দৈ ইত্যাদি। ইয়াৰ উপৰিও মিঠা ফল যেনে কল, আপেল, বতৰৰ ফল, পেঁপা, মিঠা আম, লিচি, চেফেডা ইত্যাদি খাব পাৰে।
প্ৰটিন, আয়’ডিন, কেলচিয়াম আৰু আইৰণযুক্ত খাদ্য তালিকাত ৰাখিব লাগে। শাক-পাচলি, মাছ, মাংস, দালি, কণী, সাগৰীয় মাছ, বিভিন্ন ধৰণৰ বাদাম আৰু চজিনা খাব পাৰে। কিন্তু কেফেইনযুক্ত পানীয়, অতিৰিক্ত চৰ্বি আৰু চেনিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।
এবাৰতে বেছিকৈ খাব নালাগে
অলপ অলপকৈ খাব লাগে। ই আভ্যন্তৰীণ বিপাকীয় ক্ৰিয়াত সহায় কৰে। শৰীৰত অতিৰিক্ত চাপ নিদিয়ে। ফলত শৰীৰত তাপ উৎপাদন কমি যায়। শৰীৰৰ উষ্ণতা স্বাভাৱিক।
আৰামদায়ক কাপোৰ
গৰ্ভৱতী মাতৃয়ে অধিক গৰম অনুভৱ কৰে। এই সময়ত শৰীৰৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখিবলৈ ঢিলা কাপোৰ পিন্ধিব লাগে, যাতে শৰীৰে বায়ু পায়। আপুনি পাতল ৰঙৰ কপাহী কাপোৰ আৰু আৰামদায়ক কাপোৰ বাছি ল’ব পাৰে। অত্যধিক ঘামৰ ফলত কাপোৰ তিতিলে সোনকালে সলনি কৰিব লাগে। অন্যথা ঠাণ্ডা অনুভৱ কৰিব পাৰে।
পৰ্যাপ্ত টোপনি আৰু জিৰণি লওক
পৰ্যাপ্ত টোপনিয়ে শাৰীৰিক দুৰ্বলতাৰ লগতে মানসিক চাপ কমোৱাত সহায় কৰে। লগতে শৰীৰ সক্ৰিয় কৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কমেও ৩০ মিনিট টোপনি ল’ব লাগে। শুই থকাৰ সময়ত ভৰি দুখন ওপৰলৈ তুলি ৰাখিবলৈ ভৰিৰ তলত আঠুৱা লৈ শুব লাগে। ভৰিৰ ৰক্ত সঞ্চালন উন্নত কৰিব। তদুপৰি ক’ৰবাত বেছি সময় বহি থাকিলে ভৰি দুখন অলপ ওখকৈ ৰাখিব লাগে।