Daily Time Axom

জামুগুৰিহাটৰ চামধাৰা পানীগাঁৱত চেপা উত্তেজনা

0 28

জামুগুৰিহাটৰ চামধৰা পানীগাঁৱত শুক্ৰবাৰে নিশা এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটিত৷ নিশা এটি বাসগৃহৰ পিছফালে মৃত অৱস্থাত পৰি থকা যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালবৰ্গই৷ ঘটনাৰ বিৱৰণী অনুসৰি চামধৰা পানীগাঁৱৰ এইগৰাকী যুৱক ৰিতুমণি নাথে মিস্ত্ৰীৰ লগত যোগালি কৰি জীৱন নিৰ্বাহ কৰি আছিল যদিও নিজা এইটো বাসগৃহতে কিছুদিন অকলশৰে দিন অতিবাহিত কৰি আহিছিল৷ কেৱল কাম কৰিয়েই জীৱন নিৰ্বাহ কৰা নিৰ্জু প্ৰকৃতিৰ এইগৰাকী যুৱকৰ মাতৃ কিছুদিন পূৰ্ৱে শিৱসাগৰৰ কন্যাৰ ঘৰলৈ গৈ থকাৰ বাবেই অকলশৰীয়াকৈ থকা ৰিতুমণি নাথে নিতৌ ফোনৰ জৰিয়তে মাতৃ আৰু ভগ্নীৰ লগত যোগাযোগ কৰি আছিল৷ কিন্তু যোৱা বুধবাৰৰ নিশাৰপৰা ৰিতুমণিৰ ফোনটো চুইটছ অফ হৈ থকাত ভগ্নী আৰু মাতৃ চিন্তিত হৈ কাষৰীয়া লোকসকলৰ লগত যোগায়োগ কৰে আৰু তেওঁলোকৰ বাসগৃহলৈ গৈ পৰিস্থিতি প্ৰত্যক্ষ কৰিবলৈ অনুৰোধ জনাই৷ সেইমৰ্মে গাওঁখনৰে এগৰাকী লোকে গাঁওৰক্ষী বাহিনীৰ সদস্যক লগত লৈ ৰিতুমণী বসবাস কৰা এই বাসগৃহলৈ আহি শুক্ৰবাৰে নিশা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পিছফালৰ বাৰাণ্ডাত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে৷লগে লগে সমগ্ৰ অঞ্চলটিত হুৱাদুৱা লাগে আৰু আৰক্ষীক বিষয়টি অৱগত কৰে৷পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি তদন্ত আৰম্ভ কৰে৷আজি পুৱাই শিৱসাগৰৰ পৰা ৰিতুমণীৰ ভগ্নী আৰু মাতৃ আহি উপস্থিত হৈ এয়া এক হত্যকাণ্ড বুলি অভিযোগ উল্থাপন কৰি এই ঘটনাৰ লগত ভাতৃয়ে কাম কৰা কোনো সতীৰ্থ জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীৰ উচিত তদন্ত দাবী কৰে এইগৰাকী জ্যেষ্ঠা ভগ্নীয়ে৷

Leave A Reply

Your email address will not be published.