Daily Time Axom

নাকেৰে টাইপ কৰি নতুন অভিলেখ গঢ়িলে ভাৰতীয়ই

0 30

কেৱল নাকেৰে টাইপ কৰি নতুন অভিলেখ গঢ়িলে এজন ভাৰতীয় লোকে। নাকেৰে বৰ্ণমালা টাইপ কৰাৰ খিতাপ দখল কৰি তেওঁ নিজৰ অভিলেখ ভংগ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। ৪৪ বছৰীয়া এইগৰাকী ভাৰতীয়ৰ নাম বিনোদ কুমাৰ চৌধুৰী।

বিনোদে ২৫.৬৬ ছেকেণ্ডত নাকেৰে ইংৰাজী বৰ্ণমালা টাইপ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে।

একেটা শাখাতে মুঠ তিনিবাৰকৈ অংশগ্ৰহণ কৰি প্ৰতিবাৰেই নিজৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। প্ৰথম ২০২৩ চনত নাকেৰে টাইপ কৰিবলৈ ২৭.৮০ ছেকেণ্ড সময় লৈ খিতাপ দখল কৰিছিল। সেই বছৰতে তেওঁ দ্বিতীয়বাৰৰ প্ৰচেষ্টাত ২৬.৭৩ ছেকেণ্ডলৈ নামি আহিছিল। এইবাৰ ২০২৪ চনত তেওঁ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২৫.৬৬ ছেকেণ্ডত টাইপ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি বিনোদে ইংৰাজী বৰ্ণমালাৰ ২৬টা আখৰ এটা ষ্টেণ্ডাৰ্ড কোৱাৰ্টী কিবৰ্ডত টাইপ কৰিবলগীয়া হৈছিল আৰু প্ৰতিটো আখৰৰ মাজত ঠাই আছিল। বিনোদ চৌধুৰীয়ে পিঠিৰ পিছফালে হাত দুখনেৰে দ্ৰুততম টাইপিঙৰ অভিলেখো অৰ্জন কৰিছে।

বিনোদ কুমাৰ চৌধুৰীয়ে এক্সত অভিলেখ ভংগ কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত তেওঁ নাকেৰে ইংৰাজী বৰ্ণমালা টাইপ কৰা দেখা গৈছে।

পোষ্টটোৰ লগত এটা কেপচন আছিল, ‘নাকেৰে (স্পেচ থকা) বৰ্ণমালাটো কিমান বেগেৰে টাইপ কৰিব পাৰি?’।
চৌধুৰীয়ে কয়, “তেওঁ ভাৰতৰ ‘টাইপিং মেন’ হিচাপে পৰিচিত।” টাইপিং মোৰ পেছা, গতিকে ৰেকৰ্ড এটা বনাবলৈ ভাবিলোঁ। মোৰ আবেগ আৰু জীৱিকা দুয়োটাকে বজাই ৰাখিবলৈ।’

Leave A Reply

Your email address will not be published.