শেষ হ’ল দেশৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

১৮ নং লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। পশ্চিম বংগকে ধৰি ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত শনিবাৰে সপ্তম বা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজালৈ সমগ্ৰ দেশত ৫৮.৩ শতাংশ ভোট। এই ৰাজ্যসমূহৰ বাহিৰেও উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, পঞ্জাৱ, উড়িশা আৰু চণ্ডীগড়ত আজিৰ দিনটোত ভোটগ্ৰহণ কৰা হৈছে।
২০১৯ৰ নিৰ্বাচনত এন ডি এয়ে লাভ কৰিছিল ৩৫৩খন আসন।
এই অন্তিম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীৰ তালিকাত গুৰুত্বপূৰ্ণ নাম হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা। আনহাতে বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবি শংকৰ প্ৰসাদ আৰু কংগ্ৰেছৰ মনীষ তিৱাৰী, আনন্দ শৰ্মাৰ দৰে নেতা।
এফালে মূল্যবৃদ্ধিকে ধৰি জাতি সম্পৰ্কীয় বিষয়, আনফালে মিত্ৰতা কৰি গেৰুৱা শিবিৰৰ বিৰুদ্ধে যুঁজ দিয়া। বিৰোধীক দমন কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰাৰ অভিযোগো সংযোজন কৰা হয়। প্ৰতিদিনে নিৰ্বাচনৰ গুৰুত্ব বাঢ়ি আহিছিল। উল্লেখযোগ্য যে ভাৰতৰ এই বিৰোধী মিত্ৰজোঁটৰ অন্তৰ্গত কেইবাটাও ৰাজনৈতিক দল ৰাজ্যত ইজনে সিজনৰ বিৰুদ্ধে ভোটৰ বাবে যুঁজ দিয়াত ব্যস্ত। পশ্চিম বংগত বিক্ষিপ্ত অশান্তিৰ বাহিৰে বাকী সকলো ৰাজ্যতে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচন আপাত দৃষ্টিত শান্তিপূৰ্ণ আছিল। কিন্তু ৪ জুনত পূৰণ হ’ব প্ৰকৃত হিচাপ। ১৫ আগষ্টত লালকিল্লাৰ পৰা কোনে সম্বোধন কৰিব সেয়া নিৰ্ণয় হ’ব নৰেন্দ্ৰ মোডী নে আন কোনোবা?

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment