দৰঙৰ ওন্দোলাঝাৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই সদ্য ঘোষিত হাই স্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ক সম্বৰ্ধনা জনাই আহিছে। সমান্তৰালকৈ ওন্দোলাঝাৰ আঞ্চলিক নেমছুয়ে আনুষ্ঠানিক ভাৱে অঞ্চলটোৰ প্ৰায় ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ওন্দোলাঝাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী ক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক হাফিজ গীয়াছ উদ্দীন আহমেদ, দৰং নেমছুৰ সভাপতি ছাবিনুৰ আলি, ওন্দোলঝাৰ আঞ্চলিক নেমছুৰ সভাপতি চাহাৰ আলী, মুখ্য উপদেষ্টা জমছেদ আলী ৰ লগতে নেমছুৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজ । আনহাতে উক্ত অনুষ্ঠানত নব গঠিত ওন্দোলাঝাৰ আঞ্চলিক নেমছু ৰ শপত গ্ৰহণ অনুষ্ঠানৰো আয়োজন কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment