“প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ”ৰ বাবে মনোনয়ন আহ্বান
“প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ” (Pradhan Mantri Rashtriya Bal Puraskar)ৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্ৰদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ৰালয়ে জিলাসমূহৰ পৰা মনোনয়ন পত্ৰ বিচাৰিছে । যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলে https://awards/gov.in অনলাইন প’ৰ্টেলত অহা ৩১ জুলাই,২০২৪ ৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব । উল্লেখযোগ্য যে সাহসিকতা, ক্ৰীড়া, সমাজ সেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ,পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা নিৰ্বাচিত শিশুসকলক নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে এই পুৰস্কাৰ প্ৰদান কৰিব ।