Daily Time Axom

যোৱা ৪৮ ঘণ্টাত উৰিষ্যাত হিটষ্ট্ৰকত ৫৪ জন লোকৰ মৃত্যু

0 31

তীব্ৰ গৰমৰ বাবে উৰিষ্যাত এতিয়া চিন্তনীয় পৰিস্থিতি। গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ৪৮ ঘণ্টাত উৰিষ্যাত গৰমৰ ফলত ৫৪ জন লোকে প্ৰাণ হেৰুৱাইছে। তীব্ৰ গৰমৰ ঢৌৰ বাবে উৰিষ্যাত মৃত্যুৰ সংখ্যা ৯৬ লৈ বৃদ্ধি অৱশ্যে ৫৪জন লোকৰ মৃত্যু হিটষ্ট্ৰ’কৰ ফলত হৈছে নে নাই সেই তদন্ত অব্যাহত ৰাখিছে স্বাস্থ্য বিষয়াসকলে। ৫৪ জন লোকৰ মৃত্যুৰ স্পষ্ট কাৰণ চৰকাৰে উল্লেখ কৰা নাই। ৰাজ্য চৰকাৰে নিশ্চিত কৰিছে যে ইয়াৰ পূৰ্বে গৰমৰ ফলত মাত্ৰ ৯ জন লোকৰ মৃত্যু হৈছিল। ৰাজ্য চৰকাৰে হিট ষ্ট্ৰোকৰ ফলত মৃত্যু হ’লে মৃতকৰ প্ৰতিটো পৰিয়ালক ৫০ হাজাৰ টকা আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
সমগ্ৰ ভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক পশ্চিম উৰিষ্যাৰ জিলাসমূহত। যোৱা ৪৮ ঘণ্টাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে বালাংগিৰে। তাতেই ২০ জন লোকৰ মৃত্যু হয়। সম্বলপুৰত ১৫ জন, ঝাৰসুগুদা, সোণপুৰত ১২ জন, সুন্দৰগড়ত ২ জন, কেওনঝাৰত ৪ জন আৰু বালেশ্বৰত ১ জন লোকৰ মৃত্যু।

Leave A Reply

Your email address will not be published.