অন্ধ্ৰপ্ৰদেশত পুনৰ ক্ষমতালৈ আহিল তেলেগু দেশম পাৰ্টি। চন্দ্ৰবাবু নাইডুৱে অহা ৯ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।
ইতিমধ্যে ১৭৫খন আসনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাত টিডিপি আৰু ইয়াৰ মিত্ৰ দলসমূহে ১৫৮খন আসন লাভ কৰিছে। চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে ৭৪ বছৰীয়া চন্দ্ৰবাবু। ইয়াৰ পূৰ্বে চন্দ্ৰবাবু ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈকে অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।
২০১৯ চনত ৱাই এছ আৰ কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল চন্দ্ৰবাবু নাইডুৰ দল। পাঁচ বছৰৰ মূৰত নাইডুৰ উভতি অহা। এই নিৰ্বাচনত টিডিপিয়ে জন সেনা দলৰ সৈতে বান্ধ খাইছিল। তেওঁৰ আছিল বিজেপিৰ সমৰ্থন। নাইডু, তেওঁৰ পুত্ৰ নৰা লোকেশে নিজ নিজ সমষ্টিত জয়লাভ কৰে। ইফালে, ২৫খন আসনৰ অন্ধ্ৰ লোকসভাত ১৬খন আসনত আগবাঢ়ি আছে টিডিপি। ২০১৯ চনত টিডিপিয়ে লোকসভাৰ মাত্ৰ তিনিখন আসনহে লাভ কৰিছিল। আৰু বিধানসভাত ২৩খন আসন পাইছিল।
Prev Post
Next Post