Daily Time Axom

গৌৰৱ গগৈৰ সমৰ্থনত শিৱসাগৰত শৃংখল চলিহা

0 25

জয়ী হৈ গৌৰৱ গগৈয়ে নিজৰ জয়ৰ বাবে নৱপ্ৰজন্মক বিশেষ কৃতজ্ঞতা জনালে গৌৰৱ গগৈয়ে |আঁতৰি দিয়ক, আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে | আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয় নিশ্চিত হৈছে | সমষ্টিটোত গৌৰৱ গগৈয়ে বৰ্তমানৰ সাংসদ তপন গগৈতকৈ ১৩৭৪৬২ টা ভোটত আগবাঢ়ি আছে | তেওঁ লাভ কৰিছে ৭২২৬৪৫ টা ভোট | দেশবাসীৰে দৃষ্টি নিবদ্ধ থকা এই সমষ্টিত গৌৰৱ গগৈৰ এনে জয়যাত্ৰাই এতিয়া উৎফুল্লিত কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক | মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অসম মন্ত্ৰীসভাখন যোৰহাটত তপন গগৈক জয়ী কৰাই গৌৰৱৱ গগৈক পৰাস্ত কৰিবলৈ জপিয়াই পৰিছিল যদিও আজিৰ ফলাফলে গৌৰৱ গগৈৰ বিজয় নিশ্চিত কৰিছে |এনে পৰিস্থিতিত ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ, মিত্ৰদল ক্ৰমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিৰ কৰ্মীসকল | ঠায়ে ঠায়ে সমষ্টিৰ ভিন্ন প্ৰান্তত গৌৰৱ গগৈক কাষত পাই বিভিন্ন শ্লোগান আওঁৰাইছে তেওঁলোকে | গৌৰৱ গগৈৰ লগত দেখা গৈছে অখিল গগৈ, দেবব্ৰত শইকীয়াকো | গৌৰৱ গগৈক কাষত পাই তেওঁৰ অনুৰাগীসকলে আঁতৰি দিয়ক গৌৰৱ আহিছে বুলিও কোৱা শুনিবলৈ পোৱা গৈছে | মন কৰিবলগীয়া যে শেহতীয়াকৈ ৰাজ্যত জনপ্ৰিয় হৈ পৰিছে ‘আঁতৰি দিয়ক ডাঙৰীয়া আহিছে’ শীৰ্ষক বাক্যশাৰী | তাকে কিছু সলনি কৰি এইসকল লোকে আঁতৰি দিয়ক গৌৰৱ গগৈ আহিছে বুলি শ্লোগান দিছে |

Leave A Reply

Your email address will not be published.