Daily Time Axom

দিল্লীত তীব্ৰ গৰম, নূন্যতম তাপমাত্ৰা ৩০ ডিগ্ৰীতকৈও অধিক

0 32

ৰাজধানী দিল্লীত সৰ্বনিম্ন উষ্ণতা ৩০ ডিগ্ৰীৰ ওপৰত হোৱাৰ বিপৰীতে সৰ্বোচ্চ উষ্ণতা ৫০ ডিগ্ৰীৰ ওচৰত। অৱশ্যে এয়াৰ অফিচে কিছু সকাহৰ খবৰ দিছে। যদিও আকাশ পৰিষ্কাৰ হ’ব, কিন্তু লঘু বৰষুণ হ’ব। দিল্লীৰ বিভিন্ন প্ৰান্তত চলি আছে গৰমৰ ঢৌ। সময়ৰ লগে লগে পথত যাতায়ত কমি গৈছে। বেছিভাগ কাৰ্যালয়ে ঘৰৰ পৰাই কাম কৰাৰ কথা ঘোষণা কৰিছে। গৰমৰ বাবে বিভিন্ন বিদ্যালয় আপাততঃ বন্ধ হৈ পৰিছে। দুই এখন বিদ্যালয়ত অৱশ্যে পুৱা পাঠদান কৰা হৈছে। এই তীব্ৰ গৰমৰ ঢৌ আগন্তুক কেইবাদিনো অব্যাহত থাকিব। গৰমৰ বাবে ৰাজধানীৰ ভিন্ন প্ৰান্ততো পথত থকা লোকসকল সমস্যাৰ সন্মুখীন হৈছে।

Leave A Reply

Your email address will not be published.