Daily Time Axom

মৈৰাবাৰীৰ উত্তৰ লেংৰিবড়িত গাঁওৰক্ষী বাহিনী গঠন

0 21

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংৰিবড়িত আজি নতুনকৈ গাঁওৰক্ষী বাহিনী গঠন কৰা হয়।

কিছুদিন পূৰ্বে পূৰ্বৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল কাছেমক বৰ্খাস্ত কৰাত ঠাই খনত নতুন এখন কমিটিৰ প্ৰয়োজন হোৱাত আজি শ্বহীদুল ইছলামক গাঁওৰক্ষী বাহিনীৰ নতুন সম্পাদক হিচাপে বাছনি কৰা হয়।

আজিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক নিৰ্বাচনী সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন আঞ্চলিক সদস্য আনিচুৰ ৰহমানে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে-মৰিগাঁও জিলাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি বিষ্ণু ভাগৱতী।আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পঙ্কজ দাস, থানা এডৱাইজাৰ কমিটিৰ সভাপতি চেলিম আহমেদ চৌধুৰী ওৰফে দিপু।

সভাখনত সম্পাদক নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যোৱাৰ লগতে নৱ নিযুক্ত সম্পাদক শ্বহীদুল ইছলামে আগন্তক দিনত সততাৰে কাম কৰি যাব বুলি আশা ব্যক্ত কৰে উপস্থিত অতিথি সকলে।

Leave A Reply

Your email address will not be published.