নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰৰ ডমডমাৰ হিতেশ বৰ্মন আৰু যশোদা বৰ্মনৰ একমাত্ৰ পুত্ৰ ডিম্পল বৰ্মনৰ আৰ্তনাদ । উল্লেখ্য যে জন্মৰ পৰাই খোজকাঢ়িব নোৱাৰে আৰু বহিবও নোৱাৰে শিশুটিয়ে, ফলত সমস্যাত পৰিছে দৰিদ্ৰ পৰিয়ালটি। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত পিতৃয়ে গুৱাহাটিলৈ গৈ চিকিৎসা কৰি কৰি বৰ্তমান আৰ্থিক দৈন্যতাত পৰি চিকিৎসা কৰিবলৈ অপাৰগ হৈছে। সেয়েহে এই দুৰ্ভগীয়া পৰিয়ালটোৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি কাতৰ অনুৰোধ জনাইছে যাতে তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। যদি কোনো সদাশয় লোকে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে পৰিয়ালটিৰ অসম গ্ৰামীণ বিকাশ বেংকৰ IFSC code UTBI ORRBAGB আৰু একাউণ্ট নম্বৰ 7093010016320 নম্বৰত পৰিয়ালটিক সহায় কৰিব পাৰিব।