কানাডাত পুনৰ নিহত ভাৰতীয় যুৱক,মৃতদেহ উদ্ধাৰ

কানাডাত পুনৰ নিহত ভাৰতীয় মূলৰ যুৱক। কানাডাৰ ছাৰেত গুলীবিদ্ধ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতকৰ নাম যুৱৰাজ গোৱেল (২৮)। তেওঁ আছিল পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা। যুৱৰাজ ২০১৯ চনত ছাত্ৰ ভিছা লৈ কানাডালৈ আহিছিল। স্নাতক হোৱাৰ পিছত তেওঁ চেলছ এক্সিকিউটিভৰ চাকৰি পালে আৰু তাতেই থাকিল। শেহতীয়াকৈ কানাডাৰ স্থায়ী বাসিন্দা হৈ পৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি যোৱা ৭ জুনৰ পুৱা সংঘটিত হৈছে এই ঘটনা। যুৱৰাজৰ গুলীৰে ভৰা শৰীৰটো ৰাস্তাত পৰি আছিল। ঘটনাৰ তদন্তৰ অন্তত শনিবাৰে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈ যোৱা হয়। প্ৰাথমিক তদন্ত অনুসৰি অভিযুক্তই যুৱৰাজৰ ওপৰত গুলীচালনা কৰে। কিন্তু হত্যাকাণ্ডৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment