বৰনগৰ মহাবিদ্যালয়ত কেঁচু সাৰ প্ৰস্তুত কৰা সম্পৰ্কত কৰ্মশালা

বৰপেটা জিলাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ত Assam Science Technology & Environment Council উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ ECO ক্লাৱৰ সহযোগত কেঁচুসাৰ প্ৰস্তুত কৰা সম্পৰ্কত এখন কৰ্মশালা অনুষ্ঠিত হয়,এই কৰ্মশালাত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়,বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ৰূপসী হাইস্কুল,বাড্‌চ একাডেমি,পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,সৰভোগ ৰে’লৱে কলনি হাইস্কুল,চানফ্লোৱাৰ আদিকে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে,আনফালে এই কৰ্মশালাটোত বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জগদীশ চন্দ্ৰ শৰ্মা,উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ,ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেল(চমুকৈ আই.কিউ.এ.চি)ৰ সমন্বয়ক ড° আছিম উল ইছলাম তৱাহা,ড° উনমিলন কলিতা আৰু জানমণি বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকে,ইয়াৰ লগতে Eco ক্লাৱৰ সমন্বয়ক প্ৰিয়ংকা কৌলী,অধ্যাপক স্বপণ দাস,অধ্যাপক ৰাহুল গুপ্তা আদি উপস্থিত থাকে৷

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment