মুকালমুৱাৰ দৰংগীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ বিজয় মহোৎসৱ

নলবাৰী জিলাৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত বিজয় মহোৎসৱ উদযাপন কৰে। তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ আনন্দত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে আতচবাজী প্ৰদৰ্শন কৰি মিঠাই বিতৰণ কৰি বিজয় মহোৎসৱ উদযাপন কৰে। উল্লেখযোগ্য যে- বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰযোটৰ সহযোগী দল অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল‌। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত টিহু বিধানসভা সমষ্টিৰ দৰংগীপাৰাত উদযাপন কৰে বিজয় উৎসৱ। এনডিএ ৰ তৃতীয়টো কাৰ্যকালৰ বাবে আজি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণৰ পূৰ্বে দলীয় কাৰ্যকৰ্তা সকলে উৎফুল্লিত হৈ নাচি বাগি আতচবাজী প্ৰদৰ্শনেৰে বিজয় মহোৎসৱ পালন কৰে। আজিৰ বিজয় মহোৎসৱ কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতা, নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলীকে ধৰি মণ্ডল বিভিন্ন মৰ্চাৰ বিষয়ৱবীয়াসকল।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment