Daily Time Axom

ছালৰ যত্নৰ বাবে কেঁচা আম অতি উপকাৰী

0 24

আমৰ বতৰ আহিলে মানুহৰ খাদ্য তালিকাত কেঁচা আম প্ৰথম স্থানত থাকে। চাটনিৰ পৰা আচাৰলৈকে কেঁচা আম খাবলৈ সুস্বাদু, কিন্তু ছালৰ বাবে যে ই সমানেই উপকাৰী সেয়া জানেনে?
কেঁচা আমত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও কেঁচা আমত ভিটামিন এ আৰু চি থাকে। এই তিনিটা উপাদানে ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।

কেঁচা আমৰ পেক এটা সপ্তাহত দুই-তিনিদিন মুখত লগালে ব্ৰণ, বলিৰেখা বা ক’লা বৃত্ত আদি বহু সমস্যা দূৰ হ’ব পাৰে। ছালৰ যিকোনো সমস্যাৰ বাবে কেঁচা আম কেনেকৈ প্ৰয়োগ কৰিব লাগে চাওক।

কেঁচা আম পিহি কৰি অলপ টেঙা দৈৰ লগত ভালদৰে মিহলাই লওক। যদি মুখখন তেলীয়া হয় তেন্তে তাৰ লগত চৰণীয়া আটা মিহলাই ল’ব পাৰে।
এই পেকটো বিশ মিনিটৰ বাবে মুখত লগাওক। পানীৰে ধুই পেলোৱাৰ পিছত ছালৰ জিলিকনি দেখি আচৰিত হ’ব।

কেঁচা আম ধুই বাকলি কাটি , সেই বাকলিত অলপ গোলাপজল লগাই চকুৰ তলত লাহে লাহে ঘঁহি দিব।
চকুৰ তলত ক’লাখিনি সহজে আঁতৰি যাব।

কেঁচা আম মিক্সাৰত পিহি লওক। ইয়াৰ পিছত ওটছ পাউদাৰৰ সৈতে ভালদৰে মিহলাই লওক। বেছি ডাঠ হৈ গ’লে কেঁচা গাখীৰ বা গোলাপৰ পানী অলপ মিহলাই ল’ব পাৰে। এই মিশ্ৰণ পোন্ধৰ মিনিটৰ বাবে মুখত লগাব লাগে।
ইয়াৰ পিছত মৃদু পানীৰে ধুই পেলাওক।

ওঁঠ, চকুৰ কাষত বলিৰেখা? এতিয়াৰ পৰা যত্ন ল’লে বলিৰেখাবোৰ কম স্পষ্ট হৈ পৰিব। তাৰ বাবে কি কৰিব?
কেঁচা আমখিনি গুড়ি কৰি কণীৰ কুহুমৰ লগত মিহলাই লওক। এই মিশ্ৰণটো দহ মিনিটৰ বাবে মুখত লগাব লাগে। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব। এই পেকটো নিয়মিতভাৱে প্ৰয়োগ কৰিলে ছাল টান হয়।

কেঁচা আম থেতেলিয়াই অলপ মৌ মিহলাই খাব পাৰে। এই পেকটো বিশ মিনিটৰ বাবে মুখত লগাওক। শুকান ছালৰ সমস্যা নাইকিয়া হৈ যাব। আৰ্দ্ৰতা বজাই ৰখাত সুবিধা হ’ব।

Leave A Reply

Your email address will not be published.