মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ। সোমবাৰে পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয়। ৰাতিপুৱা ১০.৩০ বাজিছিল। সেই সময়ত দুষ্কৃতিকাৰীয়ে হঠাতে কনভয়টোক লক্ষ্য কৰি গুলীচালনা কৰে। খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে টি লাইজং গাঁৱৰ সমীপত।
অৱশ্যে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ একো হোৱা নাই বুলি খবৰ আহিছে। গুলীৰ লক্ষ্য হৈ পৰা গাড়ীখনত নাছিল মুখ্যমন্ত্ৰী। কোনে এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু সন্দেহ কৰা হৈছে কুকি উগ্ৰপন্থীলৈ।