তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নৰেন্দ্ৰ মোডীক অভিনন্দন জনায়। সোমবাৰে (১০ জুন) নিজৰ ব্যক্তিগত এক্স একাউণ্টত মোডীক শুভেচ্ছা জনায়।
ছ’চিয়েল মিডিয়াত মোডীক টেগ কৰি শ্বাহবাজে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে নৰেন্দ্ৰ মোডীক অভিনন্দন।
দেওবাৰে সন্ধিয়া দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মোদীয়ে। শপত লোৱাৰ পিছদিনা শ্বাহবাজে অভিনন্দন জনায়।
তেওঁৰ মন্ত্ৰীসভাৰ ৭২ সদস্যই মোডীৰ সৈতে শপত গ্ৰহণ কৰে। ইয়াৰে ৩০ জন পূৰ্ণ মন্ত্ৰী, ৫ জন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু ৩৬ জন ৰাজ্যিক মন্ত্ৰী।
মোডীৰ শপতগ্ৰহণত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু, ছিচেলছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচান্দ আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দশো চেৰিং টবগেই উপস্থিত থাকে উপলক্ষ.