জম্মু-কাশ্মীৰত তিনিদিনৰ ভিতৰত দ্বিতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ। এইবাৰ কঠুৱা জিলাত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। মঙলবাৰৰ এই আক্ৰমণত ৩ গাঁওবাসী আহত হয়। সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে, এজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰে।
ঘটনাটো সংঘটিত হৈছে হিৰানগৰ অঞ্চলৰ ছাইদা গাঁৱত। উগ্ৰপন্থীয়ে এটা ঘৰত আক্ৰমণ কৰে। উল্লেখ্য যে, সেই ঘৰতে সেনাই হত্যা কৰিছিল এজন উগ্ৰপন্থীক।
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে কথুৱাৰ জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰা হৈছে। উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাই আৰম্ভ কৰিছে অনুসন্ধান। এই আক্ৰমণ সংঘটিত হোৱা ঘৰৰ মালিকৰ সৈতেও যোগাযোগ কৰা হৈছে।
মন কৰিবলগীয়া যে দেওবাৰে সন্ধিয়া ৰিয়াছিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ১০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আন ৩৩ জন লোক আহত হয়। এই আক্ৰমণৰ তদন্ত এতিয়াও অব্যাহত আছে। ইয়াৰ মাজতে কথুৱাক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।