অধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন কৰিব: কে চি ত্যাগী

লোকসভাত এন ডি এৰ অধ্যক্ষ কোন হ’ব সেই সন্দৰ্ভত ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে জেডিইউ নেতা কেচি ত্যাগীয়ে কয় যে তেওঁৰ দল আৰু টিডিপি এনডিএৰ মিত্ৰতাৰ অংশীদাৰ। সেয়েহে তেওঁলোকে বিজেপিৰ মনোনীত অধ্যক্ষ প্ৰাৰ্থীক সমৰ্থন কৰিব। লগতে টিডিপি বা জেডিইউৰ কোনোবাই অধ্যক্ষ হ’ব পাৰে বুলিও ভাৰতীয় মিত্ৰজোঁটে উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলিও মন্তব্য কৰে। কিন্তু তেওঁলোকৰ দাবী হাস্যকৰ। এন ডি এ শিবিৰত কোনো সমস্যা নাই। তেওঁলোকে বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন কৰিব। এই অধিবেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ’ব। ইয়াৰ পিছত পৰৱৰ্তী অধিবেশনত বাজেট দাখিল কৰা হ’ব। বাজেটত আগন্তুক ৫ বছৰত দেশৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা হ’ব তাৰ ৰূপৰেখা দাঙি ধৰা হ’ব। ত্যাগীয়ে কয়, এইবাৰ সংসদত ইতিবাচক আলোচনা হ’ব। সাধাৰণ জনতাৰ আশা পূৰণৰ লক্ষ্যৰে কাম কৰিব নিৰ্বাচিত সাংসদসকলে। অহা ২৪ জুনৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment