Daily Time Axom

ঠিকাদাৰৰ গাফিলতিৰ বাবে কামপুৰৰ বৰচুঙত খহি গ’ল কোটিটকীয়া কপিলীৰ শিলবান্ধ

0 24

কামপুৰত বানৰ পিছত কপিলীৰ খহনীয়াই চিন্তিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ৷ ঠিকাদাৰৰ গাফিলতিৰ বাবে কামপুৰৰ বৰচুঙত খহি গ’ল কোটিটকীয়া কপিলীৰ শিলবান্ধ ৷ যাৰ বাবে শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ ৰাইজৰ অভিযোগ, ঠিকাদাৰে বান্ধটো নিৰ্মানত দূৰ্নীতি সংঘটিত কৰিছে ৷ যাৰ বাবে এটা বানতে খহি গ’ল কোটিটকীয়া মথাউৰিটো ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, জলসম্পদ বিভাগৰ অধীনত বিগত বৰ্ষত ৬ কোটি টকা ব্যয় সাপেক্ষে ৬০০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত শিলবান্ধটো বৰচুঙত নিৰ্মাণ কৰা হৈছিল । শিলবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নৈপৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও এটা বছৰৰ পিছত বান্ধটোৰ প্ৰায় ২৫ মিটাৰ খহাই নিয়াৰ লগতে কেইবা ঠাইতো ফাট মেলি বহি যোৱাত শংকিত হৈ পৰিছে বৰচুং গাওঁবাসীৰ লগতে নৈপৰীয়া ৰাইজ । নিৰ্মাণৰ এটা বছৰৰ পিছতে শিলবান্ধটো কিয় খহিব লগা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় ৰাইজে নিৰ্মাণৰত সময়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে । ৰাইজে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক শিলবান্ধটোৰ সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

Leave A Reply

Your email address will not be published.