Daily Time Axom

দৰং আৰক্ষী প্ৰশাসনলৈ এগৰাকী ব্যক্তিৰ কাতৰ অনুৰোধ

0 44

দুৰ্বৃত্তৰ বলি হৈ মানসিক ভাৱে ভাগি পৰিছে লোকজন।

CCTV ফুটেজ ৰ জড়িয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীলৈ অনুৰোধ লোকজনৰ।

যোৱা কিছুদিন পূৰ্বে মঙলদৈ চহৰৰ মাজমজিয়াপৰা দুৰ্বৃত্তই এগৰাকী ব্যক্তিৰ হাতৰ পৰা কাঢ়ি লৈ গৈছিল নগদ আঢ়ৈ লাখ টকা। মঙলদৈ চহৰৰ মাজমজিয়াৰ এল এন বি ৰোডৰ সংঘটিত হৈছিল এই ঘটনা ৷ তেতিয়াৰ পৰাই মানসিক ভাৱে ভাগি পৰিছে এই লোক জন। মঙলদৈৰ HDFC বেংকৰ ৰ পৰা ধূলা আৰক্ষী থানাৰ অন্তৰ্গত খাটানিয়াপাৰা গাঁৱৰ আমবাছ আলি নামৰ লুকজনৰ পৰা দুৰ্বৃত্তই অতি কৌশলেৰে নগদ ধন খিনি লুটি লৈ যায় ৷ সমস্ত দৃশ্য বন্দী হৈছে CCTV কেমেৰা ত। CCTV ফুটেজত থকা লোকজনেই এই কার্য সংঘটিত কৰি তাৰ পৰা পলায়ন কৰে। জানিব পৰা মতে লোকজনৰ লগত আৰু ৪জন লোক জড়িত আছে।দৰং আৰক্ষীয়ে CCTV ফুটেজ ৰ জড়িয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তিত্ব বিহিবলৈ অনুৰোধ জনায় লোকজনৰ লগতে দল-সংগঠনে। অতি কষ্টৰে উপাৰ্জন কৰা ধন খিনি পলকতে নাইকিয়া হোৱাত মানসিক ভাবে সুস্থ নাই আম্বাছ আলিয়ে। সেয়ে প্ৰশাসনে কেমেৰা ফুটেজত থকা দুৰ্বৃত্ত কেইজনক তদন্ত মৰ্মে চিনাক্ত কৰি আম্বাছ আলিৰ ধন খিনি উদ্ধাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দৰং আৰক্ষীক আহ্বান জনায় সংগঠনৰ নেতা কর্মী সকলে।

Leave A Reply

Your email address will not be published.