মৰিজাঁজী দলগাঁৱৰ নামঘৰত শত বছৰ গৰকা ঐতিহাসিক নৱগ্ৰহ পূজা আৰু হোম যজ্ঞ অনুষ্ঠিত

টীয়কৰ মৰিজাঁজী দ-গাঁৱৰ নামঘৰত সমূহ দ-গাঁৱবাসীৰ উদ্যোগত আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৱগ্ৰহ পূজা ও হোম যজ্ঞৰ লগতে মহাপুৰুষীয়া এভাগি অংকীয়া ভাওনাৰ আয়োজন কৰা হৈছে।অসমৰ বিভিন্ন প্ৰান্তৰ পূজাৰী তথা ভক্তই উক্ত হোম যজ্ঞত অংশগ্ৰহণ কৰিছে।উল্লেখযোগ্য যে প্ৰায় শত বছৰ গৰকা এই হোম যজ্ঞভাগি উক্ত অঞ্চলত প্ৰতি দুবছৰৰ মূৰে মূৰে ৰাইজে অনুষ্ঠিত কৰে আৰু এই হোম যজ্ঞ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ৰুক্মিণী হৰণ ভাওনাভাগ অনুষ্ঠিত কৰি সমগ্ৰ অঞ্চলৰ কুশল কামনা কৰে অঞ্চলবাসীয়ে।সেই উদ্দেশ্য আগত ৰাখি পূৰ্বৰ পৰম্পৰা অটুত ৰাখি এইবৰ্ষতো ইতিমধ্যে নৱগ্ৰহ পূজা সমাপন কৰি হোম যজ্ঞ আৰম্ভ কৰিছে আৰু নিশালৈ যি অংকীয়া ভাওনা প্ৰদৰ্শন হ’ব সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।ইপিনে এই ঐতিহাসিক হোম যজ্ঞ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ বিশেষকৈ পূজাগৃহভাগ সম্পূৰ্ণ কৰি দিবলৈ আজিৰ এই পবিত্ৰ মজিয়াৰে পৰা ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment