Daily Time Axom

অম্বুবাচী মেলাত কামৰূপ (ম)ত পৰীক্ষা অনুস্থিত নকৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

0 21

আগন্ত্তক অম্বুবাচী মেলাৰ সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী,প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কে নিৰ্দেশনা জাৰি কৰিছে । এই সংক্ৰান্তত জিলা শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকলৈ জাননী জাৰি কৰিছে। নিৰ্দেশনাটোত লগতে উল্লেখ কৰা হয় যে যদিহে কোনো বিদ্যালয়ে এই সময়ছোৱাত পৰীক্ষাৰ সময়সূচী ইতিমধ্যে প্ৰকাশ কৰিছে তেন্তে বিদ্যালয়প্ৰধানে পুনৰ নতুন সময়সূচী প্ৰকাশ কৰিব লাগিব । উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা অনুষ্ঠিত হ’ব ।

Leave A Reply

Your email address will not be published.