পশ্চিম কংগোৰ কোৱা নদীত নাও ডুবি কমেও ৮০ জনৰ মৃত্যু। কংগোৰ মাই-নডম্বে প্ৰদেশৰ মুছি চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত থকা কোৱা নদীত বুধবাৰে এখন নাও ডুবি ৮০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। কংগো-ব্ৰাজাভিল সীমান্তৰ সমীপৰ কোৱা নদীত প্ৰাণ হেৰুৱাই শোক প্ৰকাশ কৰিছে কংগোৰ ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে।
আহতসকলক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। মাই-নডোম্বে প্ৰদেশৰ ৰাজ্যপাল ৰীতা ব’লাই নিশা নাও চলাচলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।
প্ৰশাসনে কয় যে কঢ়িয়াব পৰা ক্ষমতাতকৈ অধিক লোক কঢ়িয়াই নিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।