অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব যোৰহাট-শিৱসাগৰ চাৰিলেনযুক্ত পথ

টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰৰগতিৰ বুজ লয় লগতে অহা ডিচেম্বৰ অথবা এপ্ৰিল ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰা হয় বুলি মত প্ৰকাশ কৰে।ইপিনে উক্ত কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা শিৱসাগৰ পৰ্যন্ত চাৰিলেনযুক্ত পথৰ দুৰৱস্থা নিজে প্ৰত্যক্ষ কৰি জনাই যে ইতিমধ্যে উক্ত কামৰ নতুন নিবিদা তথা নিৰিখেৰে অনতি পলমে সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিব।পূৰ্বে কিছু নিৰিখৰ বাবে তথা ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবে আজি বহু বছৰ পথছোৱা সম্পূৰ্ণ হোৱা নাই যদিও এইবাৰ পথছোৱা সম্পূৰ্ণ হোৱাৰ পথত বুলি কৈ ৰাইজক কিছু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।ইপিনে আজি যোৰহাটৰ এগৰাকী চৰকাৰী বন বিষয়াক দুৰ্নীতি নিবাৰক শাখাই হাতে লুটে ধৰা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপ অহৰহ চলি থাকিব বুলি মত প্ৰকাশ কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment