চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ডাম্পাৰ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

সংঘৰ্ষৰ ফলত দুয়োখন গাড়ীৰ চালক আৰু হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয়।

ইয়াৰে ডাম্পাৰ খনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে গাড়ী দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলত মালবাহী ট্ৰাকখনে গৈ বৈদ্যুতিক খুটাত খুন্দা মাৰে।

খুন্দা মৰাৰ ফলত বৈদ্যুতিক খুটাটো ভাঙি যায় আৰু গোটেই চাপৰত বিদ্যুত সেয়া বিচ্ছিন্ন হৈ পৰে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ হৈছে NL-01-AF-7691 আৰু ডাম্পাৰ খনৰ নম্বৰ হৈছে AS-14-AC-3417 ।

ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment