মহানগৰীৰ দিছপুৰ দেৱদাৰু পথত ডকাইতি কাণ্ড

মহানগৰীৰ দিছপুৰ থানাৰ নিচেই সমীপতে দেৱদাৰু পথত মাৰুতি বাহনত অহা দুজনী ছোৱালী আৰু তিনিজন ল’ৰাই সেই পথেৰে আহি থকা লোক এজনক বাট আগুছি ধৰি মোবাইল টকাৰ বেগ কাঢ়ি লোৱাৰ ঘটনাই অঞ্চলতো চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণী মতে যোৱানিশা ৯মান বজাত কিনকিনিয়া বৰষুণ দি থকা সময়তে দেৱদাৰু পথৰ নিবাসী দীপক কলিতা ঘৰলৈ এজন লোক আহি থকা অৱস্থাতে বিপৰীত দিশৰপৰা অহা ৰঙা মাৰুতি বাহনে খোজকাঢ়ি অহা লোকজনক বাট আগুছি ধৰে আৰু লোকজনৰ পৰা মোবাইল মাণিবেগটো কাঢ়ি লয়৷ লোকজনক মোবাইল বেগ উভতাই দিয়াৰ বিনিময়ত ?জিপেইৰ জৰিয়তে ২০০০ টকা দিবলৈ বাধ্য হয়৷
ঘটনা সংঘটিত হোৱাৰ পিছতে দীপক কলিতাই দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment