Daily Time Axom

চামগুৰিত কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু মুকলি সভা

0 42

নগাঁও জিলাৰ চামগুৰিৰ সোণাৰীবালি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত আজি দিনযোৰা কাৰ্যসূচীৰে কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ষষ্ঠদশ দ্বি- বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত হয় ৷

কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু ৰূপহী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত অনুষ্ঠিত হোৱা ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য ও পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ৷

কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি শ্যামল বণিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনত মুখ্য অতিথি হিচাপে স্বাস্থ্য ও পৰিয়াল কল্যাণ আৰু বিজ্ঞান প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি ভাষণত কয় যে..শিক্ষক সকলে একো একোটা অঞ্চলত প্ৰকৃততে নেতৃত্ব দি আছ ৷ নেতৃত্ব অকল শিক্ষা খণ্ডৰে দিয়া নাই, নেতৃত্ব সামাজিক খণ্ডৰো দিছে ৷ এটা অঞ্চলত শিক্ষাগুৰু জনেই একো একোতা অঞ্চলত অভিভাৱক স্বৰূপ হৈ আছে ৷ আজিৰ দিনতোত কৰবাত হয়তো তাৰ গুৰুত্বতো কমিছে , কৰবাত হয়তো তাৰ গুৰুত্ব বাঢ়িছে ৷ কাকো সময় বান্ধি দি একো কৰিব পৰা নাযায় ৷ দায়িত্ববোধেই মূল কথা।
নিদিষ্ট বক্তা হিচাপে ৰাজ্যিক প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী তথা কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী উপস্থিত থাকি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে ৷

শিক্ষক সন্মিলনীৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু মুকলি সভা খনত কেইবাজনো অতিথিয়ে বক্তব্য আগবঢ়াৱা অধিবেশনখনত কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক আৰু ৰূপহী খণ্ড প্ৰাথমিকৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.