অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে টীয়কৰ জেহিদুলে,উৎফুল্লিত টীয়কবাসী

আজি পবিত্ৰ ঈদৰ দিনাই এটা ভাল খবৰ।চাৰিওফালে কেৱল নিৰ্বাচন,মূল্যবৃদ্ধি,অভাৱ অনাতন,চৰকাৰ-বিৰোধীৰ বিভিন্ন ৰাজনৈতিক সমালোচনাৰ মাজতেই এই ভাল খবৰে সমূহ টীয়কবাসীৰ লগতে অসমবাসীক গৌৰৱাম্বিত কৰি তুলিছে।হয়,টীয়কৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰ জেহিদুল হুছেইনে সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলপানী লাভ কৰি পোষ্ট ডক্টৰেট ৰিচাৰ্ছৰ বাবে নিৰ্বাচিত হৈছে।জেহিদুল অসমৰ একমাত্ৰ ছাত্ৰ যি এই ৰিচাৰ্ছৰ বাবে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে।সেয়ে আজি জেহিদুলৰ টীয়কস্থিত গৃহত তেওঁক সম্ভাষণ জ্ঞাপন কৰিবলৈ ৰাইজৰ আগমণ পৰিলক্ষিত হৈছে আৰু তেওঁ নৱ প্ৰজন্মৰ বাবে আদৰ্শ বুলি অভিহিত কৰিছে।উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক পৰ্যন্ত যোৰহাটতে অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত WILD LIFE SCIENCE বিষয়ত প্ৰায় ২৩ টা বাঘৰ গতি বিধি আচৰণৰ ওপৰত গৱেষণা কৰি ইতিমধ্যে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে জেহিদুলে।বৰ্তমান জীৱ জন্তুৰ দেহত থকা মহামাৰী কৰুণা ভাইৰাছ মানৱ দেহলৈ সংক্ৰমণৰ ওপৰতে দুটা বছৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰপানীৰে গৱেষণা কৰিব জেহিদুল আৰু এই গৱেষণাই মানৱ সমাজলৈ ইতিবাচক প্ৰভাৱ পেলাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment