ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ হাতত ৪ নক্সালবাদী নিহত

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। সোমবাৰে এই সংঘৰ্ষত নিহত হয় ৪ জন নক্সাল। আৰক্ষীৰ সূত্ৰ অনুসৰি নক্সালবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, অঞ্চলটোত এতিয়াও তালাচী অব্যাহত আছে।

মন কৰিবলগীয়া যে যোৱা শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ হাতত ৮ জন নক্সালবাদীক হত্যা কৰা হৈছিল। কোৱা হৈছে যে ইয়াৰে ৬ জন জ্যেষ্ঠ পৰ্যায়ৰ কেডাৰ আছিল। তাৰ পৰা আৰক্ষীয়ে নগদ ধন আৰু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে। জুন মাহৰ আৰম্ভণিৰে পৰা আৰক্ষীয়ে কেইবাটাও অভিযান চলাই নক্সালবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। কেইবাজনো নক্সালবাদীৰ মৃত্যু হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment