বেংকৰ চাকৰিৰ প্ৰলোভনেৰে দলবদ্ধ ধৰ্ষণ যুৱতীক

বেংকত চাকৰিৰ বাবে প্ৰলোভিত কৰি যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দুজন যুৱকৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ ছামলি জিলাত সংঘটিত হৈছে এই ঘটনা।
যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত মূল অভিযুক্তক লগ পোৱাৰ অভিযোগ দিছে আৰক্ষীক। ছোৱালীজনীক অভিযুক্তই কয় যে তেওঁ বেংকত কাম কৰি আছে সেয়েহে সেই বেংকতে চাকৰি এটা দিব বুলি প্ৰতিশ্ৰুতি দি ডেৰাডুন আহিবলৈ কয়।

যুৱতীগৰাকী মেৰুটৰ বাসিন্দা। মূল অভিযুক্তই তেওঁৰ এজন বন্ধুক ছোৱালীজনীক ডেৰাডুনলৈ আনিবলৈ পঠিয়াইছিল। ডেৰাডুন পোৱাৰ পিছতো যুৱকজনে ছোৱালীজনীক লগ পোৱা নাছিল। পিছত উত্তৰ প্ৰদেশৰ থানাভবনত ছোৱালীজনীক লগ পায়। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে দুই বন্ধুৱে শীতল পানীয়ত ড্ৰাগছ মিহলাই খুৱাইছিল। চেতনা হেৰুৱাই পেলোৱাত হোটেললৈ লৈ যোৱা হয় আৰু দলবদ্ধ ধৰ্ষণ। এই ঘটনাৰ পিছতে ছোৱালীজনীয়ে থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Assamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment