Daily Time Axom

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু, আৰ্থিক ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ

0 24

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত মৃত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পাইছে। অনুসৰি কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে। আহত লোকৰ সংখ্যা হ’ল ৬০ জন। অৱশ্যে ৰে’লৱেৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত মৃতকৰ সংখ্যা ৮ জন। কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ চালকৰ মৃত্যু হৈছে।
বংগত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্থিক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁৰ কাৰ্যালয়ে জনোৱা মতে, মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়া হ’ব।
প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলতো শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘বংগত সংঘটিত ৰে’ল দুৰ্ঘটনাটো অতি দুখজনক। নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। উদ্ধাৰৰ কাম চলি আছে। সেই স্থানলৈ ৰাওনা হৈছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ।

Leave A Reply

Your email address will not be published.