Daily Time Axom

৫টা ডবালৈ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰাওনা হ’ল শিয়ালদাহ অভিমুখে

0 34

শিয়ালদাহ অভিমুখী কাঞ্চনজুংগা এক্সপ্ৰেছত ভয়ংকৰ দুৰ্ঘটনা। পিছফালৰ পৰা অহা মাল ৰেলখনৰ প্ৰচণ্ড প্ৰভাৱত ৰেলখনৰ ২টা ডবা ৰে’লপথৰ পৰা ওলাই যায়। এই দুৰ্ঘটনাত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু হৈছে। কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰাওনা হৈছে শিয়ালদাহ অভিমুখে।

জানিব পৰা মতে, দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা ৫টা ডবাক বাদ দি বাকী ৰে’লখন শিয়ালদাহলৈ ঘূৰাই নিয়া হৈছে। উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে ৪০ গৰাকী যাত্ৰী। ইয়াৰে ৩ জনৰ অৱস্থা সংকটজনক। ইফালে ২০ জন লোকক ফানচিদেৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে। মালবাহী ট্ৰেইনখনৰ চালকে সংকেতক আওকাণ কৰি ৰে’লখন চলাই যোৱা বাবে এই দুৰ্ঘটনাটো সংঘটিত হয়।

Leave A Reply

Your email address will not be published.