Daily Time Axom

ৰে’ল দুৰ্ঘটনাৰ দায়িত্ব ল’ব লাগিব প্ৰধানমন্ত্ৰীয়েঃৰাহুল গান্ধী

0 26

সোমবাৰে পুৱা নিউ জলপাইগুৰিৰ সমীপত কাঞ্চনজংঘা এক্সপ্ৰেছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই পৰ্যন্ত ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে বিজেপি চৰকাৰক আক্ৰমণ কংগ্ৰেছ আৰু আৰজেডিৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয়, ‘যোৱা এটা বছৰত ৰে’ল দুৰ্ঘটনাৰ সংখ্যা জাঁপ মাৰি বৃদ্ধি পাইছে। এয়া মোডী চৰকাৰৰ উদাসীনতা আৰু অপব্যৱস্থাপনাৰ ফল। এই ঘটনাৰ দায়িত্ব ল’ব লাগিব প্ৰধানমন্ত্ৰীয়ে।’ লগতে ৰে’ল মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে আৰজেডিয়ে। এই দুৰ্ঘটনাৰ বাবে ৰে’লৱেই চালকজনক জগৰীয়া কৰিছে। কিন্তু নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এফালে যোৱা বছৰ যেতিয়া কাৰ্মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনা সংঘটিত হৈছিল তেতিয়া লাইনত নিৰাপত্তাৰক্ষীৰ ঢালৰ অভাৱক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। এবছৰৰ পাছতো পুনৰ দুৰ্ঘটনা সংঘটিত হৈছে। স্বাভাৱিকতে ৰক্ষণাবেক্ষণৰ বিষয়ে প্ৰশ্নটো উত্থাপন হ’ব।

Leave A Reply

Your email address will not be published.