আউনীআটী বিশ্ববিদ্যালয় আদৰ্শ স্কুলৰ অন্তৰ্গত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ টীয়কৰ কলিয়াপানীৰ চৌহদত আজি আউনীআটী বিদ্যা নিকেতন শুভ উন্মোচন কৰা হয়। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে শুভ উন্মোচন কৰা এই অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰু নাথ,আউনীআটী বিদ্যা নিকেতন ডিব্ৰুগড়ৰ পৰিচালনা সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়া বিদুহ বৰকাকতি,আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰকাশ জ্যোতি বৰঠাকুৰ,সত্ৰৰ লেখাৰু খগেন লেখাৰু,অনিল নাম লগুৱা,টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ৰবীন শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।টীয়ক অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰাতুল গগৈয়ে আঁতধৰা এই অনুষ্ঠানত উক্ত বিদ্যালয়খন এখন ব্যতিক্ৰমী পদ্ধতিৰে আগুৱাই নি নতুন শিক্ষা নীতিৰ আধাৰত পৰম্পৰাগত শিক্ষাৰ সমান্তৰালকৈ আধ্যাত্মিক আৰু নৈতিক শিক্ষা প্ৰদানৰ ব্যৱস্থা থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে লগতে এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শিশু অৱস্থাৰে পৰা বিশেষকৈ স্পকেন ইংলিছ আৰু স্পকেন সংস্কৃত শিক্ষা প্ৰদানৰ পৰামৰ্শ আগবঢ়াই সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে।ইপিনে এই বৰ্ষত ওমলা ঘৰ শ্ৰেণীৰ পাঠদানকে ধৰি অংকুৰ আৰু মুকুল শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে বিদ্যালয় পৰিচালনা সমিতিয়ে।