বিদ্যা ভাৰতীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

প্ৰতি বছৰৰ দৰে আজি গুৱাহাটীৰ বৰবাৰীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম প্ৰান্তৰ মুখ্য কাৰ্যালয় সুদৰ্শনালয়ত বিদ্যা ভাৰতী অনুমোদিত শিশু শিক্ষা সমিতিৰ অধীনত শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু প্ৰধান আচাৰ্যসকলক লগতে শেহতীয়াকৈ ঘোষণা কৰা APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ ভিআইপি ৰোডৰ সুদৰ্শনালয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে বন্তি জ্বলাই অনুষ্ঠানটো উদ্বোধন কৰে। ভাৰতীয় সেনাৰ উত্তৰ-পূব অঞ্চলৰ জিঅ’চি (অৱসৰপ্ৰাপ্ত) লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, বিশিষ্ট ব্যৱসায়ী আৰু পুৰস্কাৰসমূহৰ দাতা ৰাজেশ মালপানী, বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পবন তিৱাৰী, শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ সভাপতি ড০ দিব্যজ্যোতি মহন্ত, সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী প্ৰমুখ্যে বিশিষ্ট শিক্ষাবিদসকল অতিথি হিচাপে উপস্থিত আছিল। সম্বৰ্ধনা অনুষ্ঠানটি প্ৰধান আচাৰ্য ৫১ গৰাকী ৯০% অধিক পোৱা ২৪৪ গৰাকী ছাত্ৰ ছাত্ৰী , ইউপিএছচি ১ গৰাকী এপিএচছি ৰ ৪৮ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment