চিকিৎসাৰ অবিহনেই ঘৰমুৱা হৈছে ৰোগী।
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা ছবিখন যে পুনৰ পৰিস্ফুত হৈছে টীয়ক FRUত।বৃহত্তৰ টীয়ক অঞ্চলৰ একমাত্ৰ চিকিৎসাৰ ভৰষাস্থল টীয়ক FRU ৰ এইখন ছবিয়ে সকলোৰে চকু কপালত তুলিছে। যি সময়ত ৰাজ্যত স্বাস্থ্য খণ্ডৰ বিপুল পৰিবৰ্তনৰ কথা কয় চৰকাৰখনে সেই সময়ত এজাক বৰষুণতে টীয়ক FRUৰ ভিতৰত জলমগ্ন হৈ পৰে।বিকল হৈ পৰে এক্সে মেচিন ৷বৰষুণৰ পানীৰে একাঠু হয় কক্ষসমূহ।বিগত সময় চোৱাত এই চিকিৎসালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদ তথা আবেদন নিবেদন কৰাৰ পাছতো কোনো পৰিবৰ্তন নহ’ল চিকিৎসালয়খনৰ।ৰোগী আহে যদিও এনেকুৱা পৰিবেশত চিকিৎসা সেৱা আগবঢ়াবলৈ অপাৰগতা প্ৰকাশ কৰে কৰ্মচাৰীয়ে।ইপিনে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসকৰ অভাৱেও বিশেষকৈ নিশালৈ বাৰুকৈ অসুবিধাত পেলাই ৰোগীসকলক।এতিয়া প্ৰশ্ন হয়,কেতিয়া সমাধান হ’ব এইসমূহ সমস্যা।নতুনকৈ স্বাস্থ্য বিভাগৰ দ্বায়িত্ব লোৱা ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰীৰ অধীনত কিবা পৰিৱৰ্তন কৰিব পাৰিবনে টীয়ক FRUৰ।