দেশৰ কাৰণে যদি খৰচ কৰা নহয় তেনেহ’লে বিপুল সম্পত্তিৰ অধিকাৰী হোৱাৰ একো অৰ্থ নাইঃ অসমৰ ৰাজ্যপাল গুলাৱ চন্দ কাতাৰিয়া
ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সৌজন্যত গুৱাহাটীৰ ভৰলুমুখস্থিত আলোক ভৱনৰ সংঘ সাধক মধুকৰ লিময়ে সভাগৃহত ড° শ্যাম সুন্দৰ হৰলালকাৰ দ্বাৰা ৰচিত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ “History of Marwaris of Assam” আজি বিয়লি ৫ বজাত উন্মোচন কৰা হয়। ৰাষ্ট্ৰীয় সংগীত আৰু বন্তী প্ৰজ্জলেনেৰে শুভাৰম্ভ কৰা আৰু ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ নামনি অসমৰ সহ-সংগঠন মন্ত্ৰী গিৰেন চন্দ্ৰ ৰায়ে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাখনত ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সভাপতি ডঃ গজেন্দ্ৰ অধিকাৰীৰ আদৰণি ভাষণ আগবঢ়ায় পোন প্ৰথমে সভালৈ সকলোকে আদৰণি জনায়। গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক ৰূপে উপস্থিত থাকে অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেখেতৰ উন্মোচকৰ ভাষণ প্ৰসংগত তেখেতে মাৰোৱাৰী সম্প্ৰদায়ৰ ভাৰত তথা অসমৰ প্ৰতি থকা অৱদানৰ বিষয়ে দোহাৰে। এই ক্ষেত্ৰত তেখেতে জ্যোতি প্ৰসাদ আগৰৱালাকো সোঁৱৰে। আনহাতে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহা সচিৱ হেমন্ত ধিং মজুমদাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়োৱাই। তেখেতে তেখেতৰ ভাষণত ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ চমু পৰিচয়ও দাঙি ধৰে। গ্ৰন্থখনিৰ ৰচক ড° শ্যাম সুন্দৰ হৰলালকাই গ্ৰন্থখনিৰ জৰিয়তে অসমত মাৰোৱাৰী সম্প্ৰদায়ৰ ইতিহাস দাঙি ধৰাৰ প্ৰয়াস কৰিছে বুলি তেখেতৰ ভাষণত উল্লেখ কৰে। লগতে কয় যে কিতাপখন অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিওটা ভাষাত প্ৰকাশ কৰা হৈছে । শেষত ৰাষ্টীয় সংগীতেৰে সামৰণি পৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সচিৱ ডঃ তপন কলিতাই ।