২০ জুন – কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিলত শিক্ষক এজনৰ লজ্জিত কাণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ প্ৰদান কৰা বিজ্ঞান শিক্ষক উত্তম সাহাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ৷কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক উত্তম সাহাই ছাত্ৰীক হোৱাটচআপ যোগে প্ৰদান কৰা অশ্লীল প্ৰস্তাৱৰ মেছেজ ভাইৰেল হোৱাৰ পিছতে আজি তুলসীবিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷প্ৰাপ্ত তথ্য মতে মহকুমাৰ এখন নামজ্বলা শিক্ষানুষ্ঠানত কৰ্মৰত বিজ্ঞান শিক্ষক উত্তম সাহাই নাবালিকা ছাত্ৰী গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ একাধিক বাৰ অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছে৷ছাত্ৰী গৰাকীৰ সৈতে হোৱাটচআপ যোগে প্ৰদান কৰা বিভিন্ন অশ্লীল শব্দ আৰু বাক্যই শিক্ষক গৰাকীৰ নিকৃষ্ট মানসিকতা উন্মোচিত হৈছে৷ এনেকি নিজৰ কণ্যা সমতুল্য ছাত্ৰী গৰাকীক প্ৰেৰণ কৰা বিভিন্ন বেয়া মেছেজ ৰাজহুৱা হোৱাৰ পিছতে ভণ্ড শিক্ষক উত্তম সাহাৰ এনে নিৰ্লজ্জ কৰ্মকাণ্ডক সচেতন নাগৰিকে একমুখে ধিক্কাৰ জনাইছে৷সাম্প্ৰতিক সময়ত মাৱন সমাজক নজ্জানত কৰা ঘটনাই তোলপাৰ লগাৰ পিছতে সকলোবোৰ মেছেজ ডিলিট কৰিবলৈ ছাত্ৰী গৰাকীক নিৰ্দেশ প্ৰদান কৰাৰ তথ্যও ফাদিল হোৱাত বৃহত্তৰ এলেকাত খলকনিৰ সৃষ্টি হৈছে৷এনেকি ইতিপূৰ্বে এইগৰাকী বিজ্ঞান শিক্ষকে আন বহুতৰে সৈতে এনে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছিল বুলিও স্থানীয় ৰাইজে শিক্ষকজনৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ কৰিছে যদিও চক্ষুলজ্জাৰ বাবে এইবিলাক নিৰ্লজ্জ কাণ্ড পোহৰলৈ অহা নাছিল বুলিও ৰাইজে প্ৰকাশ কৰিছে৷সম্প্ৰতি ভণ্ড বিজ্ঞান শিক্ষকৰ কু-কৃতী পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তুলসীবিল আৰক্ষীয়ে শিক্ষকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷আনহাতে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা আৰু ধিক্কাৰ জনাই আমছু আৰু নেমছৱে শিক্ষক জনৰ উচিত শাস্তিৰ দাবী কৰিছে৷ছাত্ৰী গৰাকীৰ পিতৃয়ে তুলসীবিল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইফালে এটা চক্ৰয়ে ঘটনাৰ মীমাংসাৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি জনা
গৈছে।