নগাঁৱৰ কচুৱাত প্রৱঞ্চনাৰে ধন সংগ্ৰহত নামিল দুই দালাল

লটাৰী খেলৰ টিকট বিক্ৰী কৰা বহু এজেন্টক ধন দাবী দুই দালালৰ।এছ.পি,ডি.এছ.পি, অচিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত চানখোলাত প্রবঞ্চনাৰ নতুন কৌশলৰ জালত পৰি দিশহাৰা হৈ পৰিছে ভুক্তভোগীসকলে । উল্লেখ্য যে ৰাজ্যত চলি থকা লটাৰী খেলৰ টিকট বিক্ৰী কৰা কচুৱাৰ বহু এজেন্টৰ পৰা দুই প্রবঞ্চকৰূপী দালাল ক্ৰমে কচুৱা থানাৰ অন্তৰ্গত চানখোলা গাঁৱৰ আব্দুল মোতালিব আৰু জয়নাল আবদিনে ভয় ভাবুকি প্ৰদান কৰি সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। লটাৰী খেলৰ টিকট বিক্ৰী কৰা বহু এজেন্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব আৰু ইয়াৰ ওপৰিও প্রৱঞ্চক দুজনে ভূৱা তালিকা প্ৰস্তুত কৰি সেই তালিকাত নাম থকা সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু হ’ব যদিহে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মেনেজ নকৰে। যাৰ ফলত ভুক্তভোগী সকলে দুই প্রবঞ্চক দালালৰ বিৰুদ্ধে কচুৱা থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিছে । জানিব পৰা মতে প্রৱঞ্চক দুজনে প্ৰায় ৩৫ জন লোকৰ নাম ইতিমধ্যে নিজ হাতে তালিকা প্ৰস্তুত কৰি SP, DSP ৰ নামত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে শীঘ্ৰেই দালাল দুটাক কৰায়ত্ত্ব কৰি উচিত তদন্ত মৰ্মে কঠোৰতকৈ কঠোৰতম নজিৰ বিহীন শাস্তি প্ৰদান কৰিবলৈ ভুক্তভোগী সকলে নগাওঁ জিলা প্রশাসনক আহ্বান জনাইছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment